কৰ্পৰেট সামাজিক দায়বদ্ধতা পদক্ষেপৰ অধীনত কামৰূপ জিলাক ৩ খন এম্বুলেঞ্চ প্ৰদান আই অ’ চি এল গুৱাহাটী ৰিফাইনেৰীৰ,,
কামৰূপ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানত আই অ’ চি এল, গুৱাহাটী ৰিফাইনেৰীয়ে,, কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিক ৩ খন বি এল এছ এম্বুলেঞ্চ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

আজি কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত প্ৰদান কৰা,, এই ৩ খন বি এল এছ এম্বুলেঞ্চ ক্ৰমে ছয়গাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, নগৰবেৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু হাজো সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব।
অনুষ্ঠানত বক্তব্য ৰাখি অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই আই অ’ চি এল, গুৱাহাটী ৰিফাইনেৰীয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত কামৰূপ জিলাৰ স্বাস্থ্য সেৱা খণ্ডৰ আন্তঃগাঁথনি সৱলীকৰণৰ বাবে হাতত লোৱা প্ৰচেষ্টাক আদৰণি জনায়।

কামৰূপ জিলাক ৩ খন এম্বুলেঞ্চ প্ৰদান আই অ’ চি এল গুৱাহাটী ৰিফাইনেৰীৰ…
আজি প্ৰদান কৰা এম্বুলেঞ্চসমূহে প্ৰয়োজনৰ সময়ত চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত কামৰূপ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী আৰু আই অ’ চি এল গুৱাহাটী ৰিফাইনেৰীৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
দ্বীপেন বায়ন AssamX24