? দদৰা পছৰীয়া চেচা সংযোগী পথৰ দলং ত গৰাখহনীয়া
দদৰা পছৰীয়া চেঁচা সংযোগী পথৰ চেঁচা নৈৰ ওপৰত থকা পকী দলং খনৰ এটা মূৰ নেৰানেপেৰা মূষলধাৰ বৰষুণ ৰ বাবে খহনীয়াৰ কবলত পৰিছে।ফলত যাতায়ত ৰ বাবে দলংখনৰ মূৰটো বিপদসংকুল হৈ পৰিছে।

সংশ্লিষ্ট কৰ্তৃপক্ষ তথা কৰ্মচাৰীয়ে ততাতয়াকৈ মেৰামতি ৰ ব্যৱস্থা নকৰিলে অধিক অৱনতি হব আৰু গধুৰ যান বাহন ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিব এই পথচোৱা।
গতিকে ৰাইজে ততাতয়াকৈ দলংৰ মূৰটো সংশ্লিষ্ট কৰ্তৃপক্ষক খহনীয়া ৰোধ কৰাৰ যাৱতীয় ব্যৱস্থা ল’বলৈ দাবী জনাইছে।