বিজনীৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰটো শেহতীয়াকৈ দৃষ্টিনন্দন ৰূপত নতুনকৈ নিৰ্মাণ কৰা হৈছে…
শাৰদীয় দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই আজি নৱ নিৰ্মিত মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে… লগতে মন্দিৰটো সৰ্বাংগসুন্দৰকৈ নিৰ্মাণ কৰাৰ আঁৰত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে…

এই উপলক্ষত বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো, বিধায়ক শ্ৰীঅজয় কুমাৰ ৰায়, প্ৰাক্তন বিধায়ক শ্ৰী ভূপেন ৰায়সহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে…