প্ৰাণৰ ‘অসমীয়া ভাষা’টিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা– কথাটিয়েই মনটো ভৰাই তুলিছে৷ হয়তো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে…

অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে…
প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ’ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷ এই সন্মান আমাৰ বৈচিত্ৰ্যৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যিসকলে ত্যাগ কৰি গৈছে শতসহস্ৰ প্ৰণিপাত তেখেতসকললৈ৷ সঁচাকৈয়ে আজি মোৰ জীৱনৰ অন্যতম এটি সুখৰ দিন…