? অসমৰ কথিত উপ ভাষাসমুহ অসমীয়া ভাষাৰ অলংকাৰঃ হেমন্ত কলিতা…
কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ বক্তৃতা প্ৰতিযোগিতা সম্পন্ন
অসমৰ কথিত ভাষাসমুহ হৈছে অসমীয়া ভাষাৰ অলংকাৰ ৷ অসমৰ বিভিন্ন ঠাইত কথিত ৰূপত ব্যৱহাৰ হৈ থকা ভাষাবোৰৰো স্বকীয়তা আছে আৰু তাক বৰ্তাই ৰখাটোও আমাৰেই দায়িত্ব – এই মন্তব্য অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ…

কামৰূপ জিলা সাহিত্য সভা আৰু মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত কমলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত সৰিকটস্থিত মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত আজি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰী বাবে নিৰ্ধাৰিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰু আলোচনা সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি এই বক্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যকৰ্মী হেমন্ত কলিতাই ৷ অনুষ্ঠানটিত পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ সভাপতি ৰমেশ ডেকাই…
স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ ডেকাই ৷ দিনৰ দহ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নিৰ্ধাৰিত বিষয়ত বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয় ৷ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ পৰা অহা বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত উচ্চ শাখাত বিশাল ডেকাই প্ৰথম , ৰিচান আহমেদে দ্বিতীয় আৰু নিম্ন শাখাত পৰী ডেকাই প্ৰথম, জিনামণি ডেকাই দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৷ বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত শাখাটিৰ সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুস্থিত বঁটা বিতৰণী আৰু আলোচনা সভাৰ আঁত ধৰে শাখাটিৰ সম্পাদক তথা কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰে ৷ বিশিষ্ট সংগীত শিল্পী শশধৰ ডেকাৰ পৰিচালনাত বিদ্যালয়খনৰ ছাত্ৰীসকল ক্ৰমে পৰী ডেকা, ৰিম্পী ডেকা, তৃষ্ণা ডেকা, নিকুমণি ডেকা, লীনা ডেকা, জিনা ডেকা, মিঠুমা বেগম, লিজা আখতাৰা, শিখামণি নাথে পৰিবেশন কৰা সমবেত সংগীত আৰু ভূপেন্দ্ৰ সংগীত, ৰিচান আহমেদৰ আধুনিক গীত , দিশা নাথ,স্নেহা নাথ, পৰী ডেকা, তৃষ্ণা ডেকা, ৰিম্পী ডেকা আৰু জিনা ডেকাৰ আধুনিক নৃত্যই সভাত উপস্থিত সকলোকে আপ্লুত কৰে ৷ সাংস্কৃতিক অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষয়িত্ৰী অঞ্জুমণি তালুকদাৰে ৷ অংশগ্ৰহণ কৰা প্ৰতি গৰাকী বিশিষ্ট অতিথিক গামোচা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনাই উদ্যোক্তাসকলে…
সভাত গুইয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ৰঙিয়াৰ ৰণ্দিয়া (শতদল) সাহিত্য সভাৰ আজীৱন সভ্য নবীন চন্দ্ৰ দাসে অভ্যাগত আৰু ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি সাৰুবা বক্তব্য ৰাখে ৷ অনুষ্ঠানত মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ আকাশ উপ সমিতিৰ আহ্বায়িকা পলী ডেকা, মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ ডেকা আৰু বিদ্যালয় পৰিচলনা সমিতিৰ সভাপতি যাদৱ পাটোৱাৰীয়েও চমু ভাষণ ৰাখে ৷ বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক কিতাপৰ টোপোলা আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয় আৰু সকলো প্ৰতিযোগীক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ শিক্ষকবৃন্দৰ ক্ৰমে বীৰেন্দ্ৰ কুমাৰ শৰ্মা, নিপন দাস, ৰাজিকুল হুছেইন, নাৰায়ণ চন্দ্ৰ কটকী, নাজনিন আখটাৰ ৰহমান, কৰ্মচাৰী মনিন দেৱান, উপেন ডেকা, সুনন্দ নাথ প্ৰমুখ্যে বহুকেইজন সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা সভাত সমজুৱালৈ কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদসূচক বক্তব্য দিয়ে উদ্যোক্তা শাখা সভাৰ সম্পাদক তথা কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰে ৷ জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সফল সামৰণি হয়…