? গুৱাহাটী প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন…

0

গুৱাহাটী এইমছ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’,(PIB) গুৱাহাটীৰ উদ্যোগত তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়…

পুৱা ১১ বজাত পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান, কে সতীশ নাম্বুদিৰিপদ, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, সম্পাদক সঞ্জয় ৰায় আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত এই শিবিৰটো উদ্বোধন কৰে, গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পোৰানিকে…

ইয়াৰ পাছতে গুৱাহাটী এইমছৰ ৭ গৰাকী চিকিৎসক, ৫গৰাকী নাৰ্ছ আৰু বিষয়া-কৰ্মচাৰীৰ এটা দলে, সাধাৰণ মেডিচিন, দাঁত, চকু পৰীক্ষাৰ লগতে ডায়েটিচিয়ানেও স্বাস্থ্য যতনৰ পৰামৰ্শ আগবঢ়ায়…

দিনৰ প্ৰায় তিনি বজালৈকে অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায়,, ৯০গৰাকী সাংবাদিক, সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰি চিকিৎসা সেৱা গ্ৰহণ কৰে…

শিবিৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিভিন্ন ঔষধপাতিও প্ৰদান কৰা হয়…

দ্বীপেন বায়ন

AssamX24

Leave A Reply

Your email address will not be published.