মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই ঐতিহ্যমণ্ডিত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত থাকি ২০খন বিছনাযুক্ত কাৰ্ডিঅ’লজী আই চি ইউ জনসাধাৰণৰ বাবে উছৰ্গা কৰে…

একে সময়তে মুখ্যমন্ত্ৰীএ নিৰ্মাণৰত ৫৩৫ বিছনাযুক্ত জৰুৰীকালীন ভৱনটোও পৰিদৰ্শন কৰে…
মুখ্যমন্ত্ৰী এ ইয়াত প্ৰৱৰ্তন কৰা বিভিন্ন সুবিধাৰ ব্যৱস্থাসমূহ নিৰীক্ষণ কৰে, যিটোলৈ ৰোগীসকলৰ উন্নত চিকিৎসাৰ বাবে পাঁচটা বিভাগ স্থানান্তৰ কৰা হ’ব…
মুখ্যমন্ত্ৰী এ পৰ্যালোচনা বৈঠকৰ সময়ত খালী পদকে ধৰি চিকিৎসালয়খনৰ আনুসংগিক সেৱাসমূহৰ বিষয়েও বুজ লয়…