আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসম , নুমলীগড় শোধনাগাৰ লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেড আৰ ডি এছ, দুলীয়াজানৰ সৈতে জড়িত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…
উক্ত চুক্তিখনত হিম’ডায়েলাইছিছ মেচিন ক্ৰয়ৰ বাবে প্ৰতিটো সত্তাৰ পৰা ২.৫ কোটি ₹ৰ আৰ্থিক অৱদানৰ কথা উল্লেখ কৰা হৈছে…
১) ৰোগীৰ হিম’ডায়েলাইছিছৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নতুন ডায়েলাইছিছ চেণ্টাৰত এই মেচিনসমূহ স্থাপন কৰা…
২) ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত বৰ্তমান চলি থকা বিনামূলীয়া হিম’ডায়েলাইছিছ কাৰ্যসূচীৰ সম্প্ৰসাৰণ…
৩) ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ পকেটৰ বাহিৰৰ খৰচ যথেষ্ট হ্ৰাস…
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই ৰাজ্যৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে অংশগ্ৰহণকাৰী সকলো পক্ষকে কৃতজ্ঞতা জ্ঞাপন কৰে…
