? কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া আৰু আন আঞ্চলিক ভাষাৰ শিক্ষাদানৰ বাবে দাবী…

0

অসম সাহিত্য সভা-কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থা,অসমৰ গুৰুত্বপূৰ্ণ আলোচনা সভা

হেমন্ত কলিতাঃ গুৱাহাটী, ২৩ জুলাই

অসমত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া ভাষাৰ লগতে আন আঞ্চলিক ভাষাৰ নিয়মীয়া শিক্ষা প্ৰদান কৰাৰ দাবী সন্দৰ্ভত কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ এক প্ৰতিনিধি দলে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত সাহিত্য সভাৰ গুৱাহাটীস্থ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সভাপতিৰ কক্ষত যোৱা ২২ জুলাইত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাত সন্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় বিদ্যালয়ত যে আঞ্চলিক ভাষাৰ শিক্ষাক গুৰুত্ব দিয়া হোৱা নাই , আজিলৈকে আঞ্চলিক ভাষাক পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হোৱা নাই , তাৰ বিতং বাখ্যা দাঙি ধৰা হয়। কেন্দ্ৰীয় বিদ্যালয়ৰ নিয়মাৱলীত আঞ্চলিক ভাষাৰ শিক্ষা দশম শ্ৰেণীলৈ পঢ়াৰ ব্যৱস্থা থকা সত্বেও নৱম শ্ৰেণীৰ পৰা বন্ধ কৰি দিয়া হয়, আৰু কেইখন মান কেন্দ্ৰীয় বিদ্যালয়ত আঞ্চলিক ভাষা শিকোৱাই নহয় বুলি জানিবলৈ দিয়ে অভিভাৱক সন্থাৰ বিষয়ববীয়াসকলে ৷ ফলত অসমীয়া ছাত্ৰ ছাত্ৰী সকল নিজৰ মাতৃভাষাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ বাবে তেওঁলোক অসম চৰকাৰৰ লগতে উচ্চ ন্যায়ালয়ৰ অধীনৰ সকলো চাকৰিৰ পৰা বঞ্চিত হবলগীয়া হৈ আছে আৰু ভৱিষ্যতেও বঞ্চিত হৈ থাকিবলগীয়া হ’ব বুলিও ক্ষোভ প্ৰকাশ কৰে সন্থাৰ নেতৃত্বই…

অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ উদ্যোগত আয়োজিত গুৰুত্বপূৰ্ণ সভাখনত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্যকান্ত হাজৰিকা, উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ হৈ সৰ্বশ্ৰী ববুল বৰ্মন, মৃণালংক দাস, দেৱজ্যোতি বুঢ়াগোহাঁই, ৰূপজ্যোতি পাঠক আৰু নৱ তালুকদাৰে আলোচনা সভাখনত অংশগ্ৰহণ কৰে ৷ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ স্নানান্তৰ হৈ থকা কৰ্মচাৰীৰ ল’ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বিদ্যালয় সমূহ স্থাপন কৰা হৈছিল, যদিও পিছলৈ এই বিদ্যালয়ত সমাজৰ সকলো শ্ৰেণীৰ ( চাকৰি নকৰা সকলোৰে) ল’ৰা ছোৱালী পঢ়িব সুবিধা পাইছে। আৰু আজিৰ দিনত কেন্দ্ৰীয় বিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ল’ৰা ছোৱালীতকৈ স্থানীয় ল’ৰা ছোৱালীৰ আনুপাতিক সংখ্যাও বহুত বেছি। যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু NCF 2023 টো মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায়বোৰ পৰীক্ষা অসমীয়া ভাষাটো দিব পৰা হৈছে, সেয়ে পৰিবৰ্তিত পৰিস্থিতিত অসমত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়সমুহতো আঞ্চলিক ভাষাৰ শিক্ষা অতি দৰকাৰী হৈ পৰিছে…

যদি অসমৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়াৰ লগতে আন আন আঞ্চলিক ভাষা ঐচ্ছিক বিষয় হিচাপে অতি কমেও দশম শ্ৰেণীলৈ বা পাৰিলে দ্বাদশ শ্ৰেণীলৈকে প্ৰৱৰ্তন কৰা হয় , কাৰো ক্ষতি নহব, বৰং বহুসংখ্যক ছাত্ৰছাত্ৰী প্ৰত্যক্ষৰূপে উপকৃত হ’ব ৷ এই ক্ষেত্ৰত অভিভাৱক সন্থা আৰু অসম সাহিত্য সভাই বিগত বহু বছৰ ধৰি নিৰবিচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। সন্থাই ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেখেতৰ সহায় বিচাৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰি DO লেটাৰ প্ৰেৰণ কৰিছে। অসমীয়া ভাষাৰ প্ৰয়োগ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা অসমৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভায়ো বিগত সময়ছোৱাত বহুবাৰ নিজাববীয়াকৈ এই ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব আহিছে ৷ অভিভাৱক সন্থাই অসম সাহিত্য সভাক এই বিষয়ত আগভাগ লৈ জৰুৰীকালীনভাৱে উপযুক্ত ব্যৱস্থা ল’বলৈ একান্ত অনুৰোধ কৰে। আলোচনাত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাই কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়াৰ লগতে আন দুটা আঞ্চলিক ভাষাৰ নিয়মীয়া শিক্ষাৰ ব্যবস্থা কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষৰ ওচৰত গুৰুত্বপূৰ্ণ ভাবে উত্থাপন কৰিব বুলি অভিভাৱক সন্থাৰ প্ৰতিনিধি দলটোক আশ্বাস দিয়ে। লগতে তেখেতে কেন্দ্ৰীয় বিদ্যালয়ত মাতৃভাষাৰ শিক্ষাৰ প্ৰবৰ্তনৰ বাবে ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ শলাগ লয়…

– AssamX24

Leave A Reply

Your email address will not be published.