?৯৪বছৰীয়া ব্যক্তিয়ে গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ…

0

সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান

অসম সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বৰ কাৰ্যপন্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি এগৰাকী চৌৰান্নৱৈ (৯৪) বছৰীয়া ব্যক্তিয়ে আজীৱন সভ্য পদ গ্ৰহণ কৰি সাহিত্য সভাৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে ৷ আজি কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত পছৰীয়াৰ কবি ৰামসৰস্বতী সাহিত্য সমাজৰ সহযোগত পছৰীয়াত অনুষ্ঠিত হোৱা কাৰ্যসূচীত পছৰীয়া ব্ৰাহ্মণটোলৰ চৌৰান্নৱৈ (৯৪) বছৰ বয়সীয়া ব্যক্তি অৰবিন্দ শৰ্মাই অসম সাহিত্য সভাৰ উপ-সভাপতি ডা.গিৰীশ সন্দিকৈৰ হাতত সভ্য ভৰ্তিৰ পত্ৰ আনুষ্ঠানিক ভাৱে অৰ্পণ কৰি আজীৱন সভ্য পদ গ্ৰহণ কৰে। কবি ৰামসৰস্বতী সাহিত্য সমাজৰ উপ-সভাপতি সোণেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে শাখাটিৰ বিষয়ববীয়া গিৰীন্দ্ৰ শৰ্মা আৰু ৰাজেন শৰ্মাই ৷ কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈয়ে সাহিত্য সভাৰ মুল পুজি টনকিয়াল কৰাৰ বাবে সভাৰ আজীৱন সভ্যৰ ভৰ্তি কৰণ কাৰ্যসূচী সম্পৰ্কে বিতংভাৱে ব্যাখ্যা আগবঢ়াই ।

সভাৰ আৰম্ভণিতে কবি ৰামসৰস্বতী সাহিত্য সমাজৰ তৰফৰপৰা জাতীয় বস্ৰ আৰু গ্ৰন্থৰে বিশিষ্ট অতিথিসকলক সম্বৰ্দ্ধনা জনোৱা হয়। সভাখনত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ-সভাপতি ডা° গিৰীশ সন্দিকৈয়ে কবি ৰামসৰস্বতী সাহিত্য সমাজৰ কাৰ্যক্ৰমক প্ৰশংসা কৰাৰ লগতে কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যক্ৰমৰ শলাগ লয়। সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কয় যে আজীৱন তথা স্থায়ী সভ্য ভৰ্তি অভিযানৰ দ্বাৰা সংগ্ৰীহিত স্থায়ী পুজিৰ দ্বাৰাহে অসম সাহিত্য সভাৰ স্বাভিমান আৰু গৌৰৱ সদায় অক্ষুণ্ণ থাকিব । আৰু এইক্ষেত্ৰত হাত উজান দিবলৈ সাহিত্যানুৰাগী সকলোকে আহ্বান জনাই প্ৰধান সম্পাদক ড° শৰ্মাই ।

অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তনুৰাম কলিতাই এনেধৰণৰ কাৰ্যসূচীৰ শলাগ লয় আৰু তেওঁ এসপ্তাহৰ ভিতৰত নিজাববীয়াকৈ দহজন আজীৱন সভ্য ভৰ্তি কৰিব বুলি কয়। অসম সাহিত্য সভাৰ জনজাতি প্ৰকল্পৰ আহ্বায়ক ডা.বিপিন চন্দ্ৰ কলিতাই নিজৰ বক্তব্যত কামৰূপ জিলা সাহিত্য সভা আৰু কবি ৰামসৰস্বতী সাহিত্য সমাজৰ শলাগ লয়। ডা.মহেন্দ্ৰ মোহন শৰ্মাই সভাক গতিশীল কৰাত এইধৰণৰ অনুষ্ঠানে সহায় কৰিব বুলি কয় আৰু পৰিয়ালটোৰ ছয়জনে আজীৱন সভ্য পদ গ্ৰহণ কৰি সুহৃদ পৰিয়াল স্বীকৃতিৰ বাবে আবেদন জনায় । অনুষ্ঠানটোত ৰামধেনুৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই বক্তব্য প্ৰদান কৰে। পছৰীয়াৰ সমাজ সচেতন ব্যক্তি চন্দ্ৰধৰ কলিতাৰ লগতে সৰ্বমুঠ একত্ৰিশজন ব্যক্তিয়ে সভাখনত সাহিত্য সভাৰ আজীৱন সভ্য পদ গ্ৰহণ কৰে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মোহন দাস,অনিমা দেৱী প্ৰমুখ্যে শতাধিক সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা সভাখন জাতীয় সংগীত পৰিবেশনেৰে সামৰণি পৰে ৷

উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাই স্থায়ী বিত্তীয় নিধি টনকিয়াল কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আজীৱন তথা স্থায়ী সভ্য ভৰ্তি অভিযান আৰম্ভ কৰিছে ৷ কামৰূপ জিলা সাহিত্য সভাই পোনতে আৰম্ভ কৰা এই অভিযান সৰ্বত্ৰে চলোৱাৰ বাবে ৰাজ্য তথা ৰাজ্য বাহিৰৰ প্ৰতিটো শাখালৈ আহ্বান জনাইছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বই ৷

– AssamX24

Leave A Reply

Your email address will not be published.