? বামুন্দীত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আছুৰ উত্তাল প্ৰতিবাদ…

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে ,বিদ্যুত নিয়মীয়াকৰন আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ প্ৰতিবাদত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰাল ভাৱে কামৰূপ জিলাৰ বামুন্দী বজাৰ চ’কতো পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল কলিতা আৰু সাধাৰণ সম্পাদক নিকু কুমাৰ বৈশ্যৰ নেতৃত্বত ছাত্ৰ সন্থাৰ কৰ্মী সকলে শক্তি বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰি ,বিদ্যুত নিয়মীয়াকৰন আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ কাৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ শক্তি বিভাগ মুৰ্দাবাদ, অতিশীঘ্ৰেই বিদ্যুত নিয়মীয়াকৰন কৰক, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, অসম চৰকাৰ হায় হায় ! বিদ্যুত মন্ত্ৰীৰ কাম নাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীটোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ – সভাপতি সুৰজিত কলিতা উপস্হিত থাকি উন্নয়নৰ ফটাঢোল বজোৱা অসম চৰকাৰৰ শক্তি বিভাগটো বিদ্যুত নিয়মীয়াকৰন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু একে সময়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাইছে,এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰদান কৰে।

কাৰ্যসূচীটোত আছু নেতা প্ৰাঞ্জল কলিতা, মৃতুঞ্জয় মেধি,দিগন্ত নাথ,চিম্পি কলিতা আদিৰ লগতে কেইবাগৰাকীও আছুৰ কৰ্মী উপস্হিত থাকে।
—- AssamX24