? চেঁচা কলাজল নৈ নামেৰে খ্যাত নদীত অমানৱীয় দুষ্কাৰ্য সংঘটিত…

0

চেঁচা কলাজল নৈ নামেৰে খ্যাত নদীত এচাম লোকে প্ৰায় চাৰি বছৰে ধৰি অমানৱীয় দুষ্কাৰ্য সংঘটিত কৰি আহিছে।যি কাৰ্য্যই ভৱিষ্যত জীৱকুলৰ বাবে ভয়াবহ ইংগিত বহন কৰিছে।জানিব পৰা মতে এচাম দুষ্কৃতিকাৰীয়ে জীৱকুলক লৈ খেলা কৰি নৈৰ পানীত বিহ মিহলাই থলুৱা মাছ মাৰি নিজৰ মুনাফা আদায় কৰা বুলি ৰাইজে মন্তব্য কৰিছে। অন্য একাংশ ৰাইজৰ মতে কোম্পানীয়ে এৰি দিয়া প্ৰদূষিত পানীৰ বাবে এই দুষ্কাৰ্য সংঘটিত হয়।সঠিক তদন্ততহে সত্যটো ওলাই পৰিব। গতিকে মীন মহল ,হাজো আৰক্ষী থানা,দদৰা আৰক্ষী থানা লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই এই দুষ্কাৰ্য বন্ধ কৰিবৰ বাবে উপযুক্ত তদন্ত আগবঢ়ায়।এই অমানৱীয় ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনায়।

Leave A Reply

Your email address will not be published.