সমগ্ৰ দেশৰ লগতে অসমতো আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়…
“সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই অনুষ্ঠানে সংবাদসেৱী, চৰকাৰী বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক আধুনিক যুগত সংবাদ মাধ্যমৰ বিৱৰ্তনশীল ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সুযোগ প্ৰদান কৰে…

অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ড০ কুলধৰ শইকীয়াই সংবাদ মাধ্যম কেৱল সমাজৰ প্ৰতিফলন নহয়, ই সমাজৰ পৰিপূৰকো হ’ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে…