অসমত স্ত্ৰী-শিক্ষাৰ উত্তৰণত এক অনন্য মাত্ৰা সংযোজিত হ’ল—“মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি”…
বাল্য বিবাহ প্ৰতিৰোধ আৰু আধাতে শিক্ষা ত্যাগ কৰা সমস্যা সমাধান কৰাত নিযুত মইনা আঁচনিয়ে যুগান্তকাৰী প্ৰভাৱ পেলাব…

আজি খানাপাৰাত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ কন্যা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই…
প্ৰথমটো মাহত এই আচঁনিৰ অধীনত ইতিমধ্যে সমগ্ৰ অসমত ১,৬০,০০০ গৰাকী ছাত্ৰীক সামৰি লোৱা হৈছে, যাৰ বাবে ২৪০ কোটি টকা আবণ্টন কৰা হৈছে। পৰৱৰ্তী তিনি বছৰত ১ নিযুত অৰ্থাৎ ১০ লাখ গৰাকী কন্যাক এই আঁচনিখনৰ অধীনত সমৰ্থন আগবঢ়োৱাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷৷ আজি প্ৰথম কিস্তিটো বিতৰণ কৰাৰ পাছত দ্বিতীয়টো কিস্তি এই বৰ্ষৰ নৱেম্বৰ মাহত বিতৰণ কৰা হ’ব…