? বিজ্ঞানসন্মত জীৱনশৈলীয়ে মানু্হক দিয়ে সুখৰ সন্ধানঃ ড০ ননী গোপাল মহন্ত…

0

বিজ্ঞানসন্মত জীৱনশৈলীয়ে মানু্হক দিয়ে সুখৰ সন্ধানঃ ড০ ননী গোপাল মহন্ত

ডিমুত নৱম বাৰ্ষিক দুলাল চন্দ্ৰ মহন্ত বক্তৃতানুষ্ঠান

জীৱনৰ বিভিন্ন মৌলিক প্ৰশ্ন, সমস্যাৰ সমাধানৰ বাবে বিজ্ঞানসন্মত জীৱনশৈলীয়ে একমাত্ৰ পথ ৷ এই গুৰুত্বপূৰ্ণ মত পোষণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক, বিশিষ্ট শিক্ষাবিদ ড০ ননী গোপাল মহন্তই ৷ দক্ষিণ ৰঙিয়াৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান মঞ্চ, অসম নাট্য সন্মিলন, ডিমু-ডোবক শাখাৰ উদ্যোগত আৰু পুঠিমাৰী মহাবিদ্যালয় অৱসৰী শিক্ষক-কৰ্ম্মচাৰী সংস্থাৰ সহযোগত আজি ডিমু পৰিদৰ্শন বঙলাত নৱম বাৰ্ষিক দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে “ঈশ্বৰ, বিজ্ঞান আৰু সমাজ” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে ড° মহন্তই

বক্তৃতাটোৰ জৰিয়তে শংকৰ – মাধৱৰ বৈষ্ণৱ ধৰ্মৰ যি আধাৰ তাৰ আধাৰত কেনেকৈ এখন সন্তুলিত সমাজ গঢ় দিব পাৰি তাৰ বিষয়ে তেওঁ গভীৰভাৱে আলোকপাত কৰে। আধ্যাত্মিকতাৰ সৈতে মানুহৰ মনৰ আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰি বক্তা গৰাকীয়ে বিজ্ঞানৰ আওতাত অকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞানক সামৰি নলৈ এক পৰিকল্পিত, সু নিয়ন্ত্ৰিত জীৱনশৈলীক বহল অৰ্থত ‘ বিজ্ঞান’ হিচাপে অভিহিত কৰে। সাম্প্ৰতিক প্ৰেক্ষাপটত যুৱ উশৃংখলতাই গা কৰি উঠা সমাজত আধ্যাত্মিকতাৰ স্থান অতি নিম্নগামী হোৱাত ড০ মহন্তই আক্ষেপ কৰি এই সমস্যা নিৰাময়ৰ বাবে অভিভাৱক সমাজৰ যথেষ্ট দায়িত্ব আছে বুলি মত পোষণ কৰে। অসম নাট্য সন্মিলনৰ ডিমু-ডোবক শাখাৰ সম্পাদক তথা প্ৰৱক্তা ড০ নীলোৎপল শৰ্মাই আঁত ধৰা অনুষ্ঠানটি উদ্ধোধন কৰি পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিত্যানন্দ কলিতাই পুঠিমাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা, আৰু বৃহত্তৰ অঞ্চললৈ প্ৰয়াত দুলাল চন্দ্ৰ মহন্তৰ সু গভীৰ অৱদানৰ কথা স্মৰণ কৰে।

পুঠিমাৰী মহাবিদ্যালয় অৱসৰী শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি শৰত কুমাৰ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক দেবানন্দ শৰ্মাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অসম মুক্তি যুঁজাৰু সন্মিলনৰ সম্পাদক দ্বীজেন্দ্ৰ মোহন শৰ্মা, উত্তৰ কামৰূপ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূৱনেশ্বৰ লহকৰ, ত্ৰিৱেণী সাহিত্য সভাৰ সভাপতি ৰমানাথ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি ধৰ্মেশ্বৰ দাসৰ লগতে পুঠিমাৰী মহাবিদ্যালয়ৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক, কৰ্ম্মচাৰী আৰু বৃহত্তৰ অঞ্চলটিৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ড০ ননী গোপাল মহন্তই প্ৰদান কৰা স্মাৰক বক্তৃতাটোৰ আধাৰত উত্তৰ কামৰূপ কুইজ ফৰামে সন্ধিয়া লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

-ডিমুৰ পৰা হেমন্ত কলিতা AssamX24

Leave A Reply

Your email address will not be published.