আজিৰ দিনটোতে লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদ সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে…
মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় ৩.০ অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আগবাঢ়িছে। ২০২০-২১ বৰ্ষত আৰম্ভ হোৱা এই আঁচনিখনে ইতিমধ্যে ২৪.৬০ লাখতকৈ অধিক দৰিদ্ৰ লোকৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ লগতে, অৰুণোদয় ৩.০ অসম চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে…

ইয়াৰ লগতে, ১৯ লাখতকৈ অধিক নতুন হিতাধিকাৰীক খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰা হয়…