মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও ভ্ৰমণৰ সময়ত ৰাজ্য চৰকাৰৰ দ্বাৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়…

ইয়াৰ পাছতে এই সন্দৰ্ভত এখন বৈঠকতো মিলিত হয়৷ বৈঠকত নিৰ্মাণকাৰ্যৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগ তথা নিৰ্মাণকাৰী সংস্থাক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লগতে গুণগত মানসম্পন্ন কাম কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে…