? ঝাৰখণ্ডৰ ৰাঁচীৰ জগন্নাথপুৰ মন্দিৰৰ খেলপথাৰত অমিত শ্বাহ ৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত…
আজি ঐতিহাসিক ঝাৰখণ্ডৰ ৰাঁচীৰ জগন্নাথপুৰ মন্দিৰৰ খেলপথাৰত অনুষ্ঠিত হোৱা ঝাৰখণ্ড বিজেপি ৰ বিশদ কৰ্ম সমিতিৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ উপঃপ্ৰভাৰী ড°হিমন্ত বিশ্ব শৰ্মা…

উক্ত বিশাল কাৰ্যকৰ্তা সন্মিলনৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ কয় যে, শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত কেৱল ঝাৰখণ্ডৰ জনসাধাৰণেই নহয় সমগ্ৰ দেশৰ ৰাইজে বিজেপিক তীব্ৰ সমৰ্থন আগবঢ়াইছিল…
৬০ বছৰৰ পাছত এই দেশৰ গণতান্ত্ৰিক ইতিহাসত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে এজন নেতা…
২০১৪, ২০১৯ আৰু ২০২৪ চনত দেশবাসীয়ে নৰেন্দ্ৰ মোডী ক একেৰাহে তিনিটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুবিধা প্ৰদান কৰিছে।৷ ঝাৰখণ্ডৰ উন্নয়ন তথা আদিবাসী সমাজৰ জনকল্যাণৰৰ্থে আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধীক উৎখাত কৰি ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠন কৰি উন্নয়নৰ নৱদিগন্তৰ পোহৰৰে আলোকিত কৰিবলৈ সকলো কাৰ্যকৰ্তাক উৎসাহিত কৰে…