ৰেচন কাৰ্ড বিতৰণৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ নতুন হিতাধিকাৰীৰ অন্তৰ্ভুক্তিৰ অগ্ৰগতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই জিলা আয়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্স যোগে বৈঠকত মিলিত হয়…
মুখ্যমন্ত্ৰী এ সংশ্লিষ্ট বিষয়াসকলক স্বামীহাৰা আৰু দিব্যাংগসকলক বিশেষ গুৰুত্ব দি সকলো যোগ্য হিতাধিকাৰীক যুক্তিসঙ্গতভাৱে কাৰ্ড বিতৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে…

মুখ্যমন্ত্ৰী এ জিলা আয়ুক্তসকলক হিতাধিকাৰীসকলক চাইকেল, স্কুটাৰ, বৃত্তি, বান সাহায্য, মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি আদি বিতৰণৰ বাবে ডিচেম্বৰত জিলা পৰ্যায়ৰ অনুষ্ঠান সফলতাৰে আয়োজন কৰিবলৈও নিৰ্দেশনা আগবঢ়ায়…