সমাজ এখনক ইতিবাচক পৰিৱৰ্তনেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিবিশেষক সন্মান আৰু স্বীকৃতি জনোৱাটো প্ৰতিজনৰে নিতান্তই দায়িত্ব। এনে স্বীকৃতিয়ে তেখেতসকলক কৰি থকা কাম অব্যাহত ৰাখিবলৈ উৎসাহী কৰে…
তদুপৰি এজন যোগ্য ব্যক্তিক যোগ্য সন্মানেৰে সন্মানিত কৰা কথাটিয়ে সম্ভাৱনাপূর্ণ আন বহুজনক সমাজৰ বাবে লাভজনক কর্ম পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্রতো অনুপ্ৰাণিত কৰে…
সমাজ জীৱনলৈ অনৱদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰে প্ৰদান কৰিব সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা-২০২৪৷ আৰু ইয়াৰ বাবে সাদৰেৰে ৰাজ্য চৰকাৰে মনোনয়ন আহ্বান কৰিছে৷ বিতংভাৱে জানিবলৈ তলৰ পোষ্টাৰখন পঢ়িব পাৰে…
The State Govt. invites nominations for the Assam Baibhav, Assam Saurav, and Assam Gaurav Awards, the highest civilian honours of the state for 2024. Individuals who have made remarkable contributions across various fields may self-nominate or be nominated through the District Commissioner or the official portal: assamcivilianawards.assam.gov.in
The last date for submission of nominations is 31st October 2024.
