অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আজি দিছপুৰৰ লোক সেৱা ভৱনত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে সন্মানীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ ৰক্ষাৰ সন্দর্ভত এখন বৈঠকত মিলিত হয়…

উক্ত বৈঠকত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীবৃন্দ, মুখ্য সচিব আৰু সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত তিনিজনীয়া প্ৰতিনিধি দল তথা সংশ্লিষ্ট বিষয়াবর্গ উপস্থিত থাকে…