? এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ…

0

চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ লৈছে…

অসম লোকসেৱা ভৱনত আজি অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই অধ্যক্ষতা কৰি বিস্তৃতভাৱে আলোচনা কৰে…

উক্ত বৈঠকত বিশেষজ্ঞ প্ৰশিক্ষক আৰু নৃত্য দল বাছনি, সমষ্টিভিত্তিক কৰ্মশালা অনুষ্ঠিতকৰণ, অনুষ্ঠানস্থলীৰ কাম-কাজ, অনলাইন পঞ্জীয়ন আদিকে ধৰি এই সন্দৰ্ভত বৰ্তমানলৈ হোৱা অগ্ৰগতিৰ বুজ লয়৷ সমগ্ৰ অনুষ্ঠানটো যাতে ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে শিল্পীসকলৰ পৰিবহণ, থকা আৰু খোৱাৰ সুব্যৱস্থা আদিবোৰ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে…

Leave A Reply

Your email address will not be published.