অসম আৰক্ষীয়ে ‘অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি’ (APEMS)ৰ জৰিয়তে নাগৰিকসকলক বিপদসংকুল পৰিস্থিতিত টেলিফোন, এছ এম এছ, আৰু ম’বাইল এপৰ মাধ্যমেৰে আৰক্ষীৰ সৈতে সৰলভাৱে যোগাযোগৰ সুবিধা প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে…
এই ব্যৱস্থাৰ অধীনত ২৪x৭ সক্ৰিয় কেন্দ্ৰীয় জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই নাগৰিকৰ পৰা অহা বাৰ্তা সংগ্ৰহ কৰি, প্ৰয়োজনীয় ক্ষেত্ৰত প্ৰশিক্ষিত ব্যক্তিসহ জৰুৰীকালীন বাহন ততালিকে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিব…

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই আজি লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত এই ‘অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি’ৰ অগ্ৰগতি পৰ্যালোচনা কৰি সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰী এ জনসাধাৰণৰ সহায় প্ৰদানৰ প্ৰক্ৰিয়াত এই পদক্ষেপে অসম আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ আশ্বাস ব্যক্ত কৰে…