অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নৱনিযুক্ত আয়ুক্ত হিচাপে কীৰ্তি জল্লী, আই এ এছ, ই শনিবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে…

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অতিৰিক্ত আয়ুক্ত ড’ জয়ন্ত কুমাৰ গোস্বামীৰ পৰা তেঁও এই দায়িত্বভাৰ গ্ৰহণ কৰে| ইয়াৰ পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্তৰ দায়িত্বত আছিল শ্ৰী জয় শিৱানী, আই এ এছ। আনহাতে কীৰ্তি জল্লীয়ে এই বিভাগত যোগদান কৰাৰ পূৰ্বে কামৰূপ (গ্ৰাম্য)ৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল…