ৰাজহুৱা প্ৰশাসন ব্যৱস্থাটোক নাগৰিকৰ অধিক ওচৰ চপাই কাৰ্যদক্ষ, কাৰ্যকৰী আৰু ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যেই সম-জিলা গঠন কৰা হৈছে ৷ ৰাজ্যিক কেবিনেটত ৭৮ খন সম-জিলা গঠনৰ সিদ্ধান্ত লোৱা হৈছে যদিও সদ্যহতে প্ৰথম পৰ্যায়ত অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা ৩৯ খন সম-জিলা ৰাইজৰ সেৱাত মুকলি কৰা হ’ব…
এই ৩৯ খন সম-জিলাৰ মুৰব্বী সহিতে ১০৭ বিষয়াৰ ১৫ দিনীয়া প্ৰশিক্ষণৰ আজি সফল সমাপ্তি ঘটে ৷ এই বিষয়াসকলৰ ভিতৰত ৫ গৰাকী IAS বিষয়া আৰু ১০২ গৰাকী ACS বিষয়া আছে…

আজিৰ এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাবে উপস্থিত থাকি বিষয়াসকলক আগন্তুক দিনত চৰকাৰী কাম-কাজ কৰাৰ উপৰিও জনসাধাৰণৰ প্ৰতি দায়িত্বশীল তথা সহানুভূতিশীল হৈ সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে আহ্বান জনাই…
উক্ত অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, মছুৰীত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীৰ সঞ্চালক শ্ৰী শ্ৰীৰাম তৰণীকান্তিৰ লগতে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত এম. এছ. মনিভনম, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কৃষ্ণ কুমাৰ দ্বিৱেদী আৰু অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰশিক্ষণ সঞ্চালিকা শ্ৰীমতী ৰিজু গগৈ উপস্থিত থাকে…