সমাজৰ এক মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হোৱা ড্ৰাগছক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বলিষ্ঠ নেতৃত্ব প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে…

যাৰ ফলস্বৰূপে বিগত ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসমত বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী ইতিমধ্যেই আটক হৈছে তথা মৃত্যুমুখতো পৰিছে ৷ ইয়াৰ বাবে অসম চৰকাৰ নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ…
২০২১ চনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা পদক্ষেপৰ এক সম্যক তথ্য হৈছেঃ-
মৃত্যু – ৫ জন
আহত – ২৭ জন
কেছ ৰেজিষ্টাৰ – ৯,৭৪২ টা
আটক – ১৫,৯৫৩ জন
হেৰ’ইন জব্দ – ৪৭৯ কেজি
গাঞ্জা জব্দ – ১,১১,১২৮ কেজি
অ’পিয়াম জব্দ – ৪৫৮ কেজি
কফ চিৰাপ জব্দ – ১১,১৬,৬৯৯ বটল
টেবলেট/কেপচুল জব্দ – ১,৩৪,৪৩,৮৯৮ টা
ম’ৰফিন জব্দ – ৫০ কেজি
পপ্পী ষ্ট্ৰ’ জব্দ – ৩,৩১৮ কেজি
বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এইখিনি কথাকে আলোকপাত কৰোঁ আৰু ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ ক্ষেত্ৰত কেৱল অসম চৰকাৰ আৰু আৰক্ষী বিভাগৰহে যে দায়িত্ব আছে এনে নহয় আমি প্ৰতিগৰাকী জনসাধাৰণেও যে এইক্ষেত্ৰত সজাগ-সচেতনতা আৰু কঠোৰতা অৱলম্বন কৰিব লাগিব তাৰবাবে সকলোকে আহ্বান জনাওঁ…
- Himanta Biswa Sarma, CMO Assam